:
| Updated On: 05-May-2025 @ 2:56 pmচামগুৰিৰ এখন নিৰ্বাচনী সভাত শুকুৰ আলীয়ে আহোমসকলক লৈ আপত্তিজনক মন্তব্য কৰি বিতৰ্ক সৃষ্টি কৰে। তেওঁ ৰাম মন্দিৰ আৰু কামাখ্যা মন্দিৰৰ মাটি ঔৰংজেৱে দিছিল আৰু আহোমসকলে কেৱল ৰাজনীতি কৰিছিল বুলি মন্তব্য কৰে। লাচিত বৰফুকনক লৈো বিতৰ্কিত মন্তব্য কৰে। এই মন্তব্যৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ উঠে। সদৌ অসম গোসাঁই সমাজ, উজনি অসম থলুৱা মুছলিম পৰিষদ, আৰু আটাছুৱে শুকুৰৰ বিৰুদ্ধে দিছপুৰ আৰু শিৱসাগৰত এজাহাৰ দাখিল কৰে আৰু তেওঁৰ গ্ৰেপ্তাৰ আৰু বিজেপিৰ পৰা বহিষ্কাৰৰ দাবী জনায়। শুকুৰে পাছত ক্ষমা বিচাৰিছে আৰু মন্তব্যটো জিভা পিছল খোৱাৰ ফল বুলি কৈছে।