:
| Updated On: 31-Oct-2025 @ 3:04 pmঅৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে পূৰ্ব কামেং জিলাৰ ফ্ৰণ্টিয়াৰ হাইৱেৰ ছাৰলি–লাডা অংশৰ সৈতে জড়িত কথিত ক্ষতিপূৰণ বিতৰণ কেলেংকাৰীৰ বিষয়ে কঠোৰ পদক্ষেপ গ্ৰহণৰ আশ্বাস দিছে। মুখ্যমন্ত্ৰীয়ে কৈছে, এই কেলেংকাৰীক ৰাজ্য চৰকাৰে অতি গুৰুত্বৰ সৈতে লৈছে আৰু ভূমি ক্ষতিপূৰণৰ প্ৰক্ৰিয়াত হোৱা অনিয়মৰ পৰিমাণ পৰ্যবেক্ষণ কৰি তৎক্ষণাত তদন্ত আৰম্ভ কৰা হৈছিল।
তেওঁয়ে জনাইছে যে, চৰকাৰে এই অভিযোগৰ তদন্তৰ বাবে ইতিমধ্যে এটা উচ্চ-স্তৰীয় কমিটি (HLC) গঠন কৰিছে। বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়া সমন্বয়ে গঠিত এই কমিটিক ভূমি অধিগ্ৰহণৰ ক্ষতিপূৰণৰ বিতৰণত হোৱা অনিয়ম আৰু অপব্যৱহাৰৰ বিষয়ে গভীৰ অনুসন্ধান কৰাৰ দায়িত্ব দিয়া হৈছিল। মুখ্যমন্ত্ৰীয়ে জনাইছে যে, কমিটীয়ে ইতিমধ্যে চৰকাৰলৈ প্ৰাথমিক প্ৰতিবেদন দাখিল কৰিছে, য’ত প্ৰাথমিক ফলাফল আৰু পদক্ষেপৰ বাবে পৰামৰ্শ দিয়া হৈছে।
খাণ্ডুৱে কৈছে, “প্ৰাথমিক পৰ্যায়তেই আমি কমিটিক এই কেলেংকাৰীৰ সৈতে জড়িত সকলো অধিকাৰীক স্থগিত কৰাৰ নিৰ্দেশ দিছোঁ। এক-দুই দিনৰ ভিতৰত স্থগিতাদেশ জাৰি কৰা হ’ব।” তেওঁ স্পষ্টকৈ কয় যে চৰকাৰে কোনো ব্যক্তিকও ৰক্ষা নকৰিব, তেওঁ যিমানেই উচ্চ পদস্থ হওক। চূড়ান্ত প্ৰতিবেদন দাখিল হোৱাৰ পিছত দোষী সকলৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক আৰু আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
দূৰ্নীতিৰ বিৰুদ্ধে তেওঁৰ চৰকাৰে গ্ৰহণ কৰা ‘শূন্য সহনশীলতা নীতি’ পুনৰাবৃত্তি কৰি মুখ্যমন্ত্ৰীয়ে কৈছে, “আমাৰ চৰকাৰ একদম স্বচ্ছ আৰু অন্তর্ভুক্তিমূলক। কোনো স্তৰৰ দূৰ্নীতি সহ্য কৰা নহ’ব।” তেওঁ যোগ কৰে যে, ছাৰলি–লাডা অংশত ভূমি ক্ষতিপূৰণৰ অনিয়মৰ বিষয়ে বহুত অভিযোগ আহিছিল, সেয়ে চৰকাৰে পূৰ্ণাঙ্গ তদন্তৰ নিৰ্দেশ দিছে।
খাণ্ডুৱে লগতে কৈছে যে ফ্ৰণ্টিয়াৰ হাইৱে প্ৰকল্পটো অৰুণাচল প্ৰদেশৰ বাবে এক অত্যন্ত গুৰুত্বপূৰ্ণ পৰিকাঠামো উদ্যোগ, যাৰ লক্ষ্য সীমান্তাঞ্চলৰ সংযোগতা বৃদ্ধি কৰা। “এই প্ৰকল্পসমূহে ৰাজ্যৰ ভৱিষ্যতৰ উন্নয়নৰ দিশ দেখুৱাইছে আৰু কেলেংকাৰীৰ দৰে অনৈতিক কাৰ্যকলাপই ইয়াৰ পবিত্ৰতা নষ্ট কৰিব নোৱাৰে,” মুখ্যমন্ত্ৰীয়ে কয়। “উন্নয়নমূলক পুঁজিখিনে জনগণৰ হিতৰ বাবে ব্যৱহাৰ হ’ব লাগে, কিছুমানৰ ব্যক্তিগত লাভৰ বাবে নহয়,” তেওঁ যোগ কৰে।
তেওঁয়ে সকলো চৰকাৰী বিষয়া আৰু বিভাগক জনসেৱাৰ কামত সচ্চৰিত্ৰতা আৰু দায়িত্ববোধেৰে কাম কৰিবলৈ আহ্বান জনাইছে। খাণ্ডুৱে কৈছে, চৰকাৰ সুশাসন, স্বচ্ছতা আৰু জবাবদিহিতাত সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ, আৰু এনে দূৰ্নীতিমূলক ঘটনা কোনোবাবে ৰাজ্যৰ উন্নয়নক বিঘ্নিত কৰিব নোৱাৰে।
শেষত মুখ্যমন্ত্ৰীয়ে আশ্বাস দিছে যে ছাৰলি–লাডা ক্ষতিপূৰণ কেলেংকাৰীত দোষীসকলৰ বিৰুদ্ধে ন্যায়সঙ্গত পদক্ষেপ গ্ৰহণ কৰা হ’ব। তেওঁ পুনৰায় উল্লেখ কৰিছে যে তেওঁৰ চৰকাৰ স্বচ্ছতা ৰক্ষা, জনস্বার্থ সুৰক্ষা আৰু সকলো উন্নয়নমূলক প্ৰকল্প সততা, দক্ষতা আৰু ন্যায়ৰ সৈতে সম্পন্ন হোৱাৰ নিশ্চয়তা প্ৰদান কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।