:
| Updated On: 11-Nov-2025 @ 11:44 amসংযুক্ত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে হোৱাইট হাউচত চিৰিয়াৰ ৰাষ্ট্ৰপতি আহমেদ এল-শাৰাৰ সৈতে অনুষ্ঠিত বৈঠকখন দুয়ো দেশৰ মাজত এক ঐতিহাসিক কূটনৈতিক পদক্ষেপ হিচাপে চিহ্নিত হৈছে। এই বৈঠকৰ সময়তে আমেৰিকাৰ অৰ্থ বিভাগে দামেস্কৰ ওপৰত থকা নিষেধাজ্ঞা ছয় মাহৰ বাবে স্থগিত কৰাৰ ঘোষণা দিয়ে, যাৰ ফলত ৱাশিংটন আৰু চিৰিয়াৰ মাজত সম্পৰ্ক উন্নয়নৰ সম্ভাৱনা দেখা গৈছে।
এই ঘটনা এক ঐতিহাসিক দৃষ্টান্ত সৃষ্টি কৰিছে, কাৰণ ১৯৪৬ চনত স্বাধীনতা লাভৰ পাছত প্ৰথমবাৰৰ বাবে কোনো চিৰিয়ান নেতা হোৱাইট হাউচ ভ্ৰমণ কৰিছে। এই বৈঠকটো আহমেদ এল-শাৰাৰ বাবে এক বিশেষ বছৰৰ অন্ত আছিল। ৪৩ বছৰ বয়সীয়া এল-শাৰায়ে বিগত বছৰ চিৰিয়াৰ দীৰ্ঘদিনৰ কঠোৰ শাসক বাছাৰ আল-আছাদক অপসাৰণ কৰি ক্ষমতা গ্ৰহণ কৰিছিল। এল-শাৰা, যি পূৰ্বে আল-কায়েদাৰ এটা কমাণ্ডাৰ আছিল, এতিয়া চিৰিয়াক নতুন ৰূপত গঢ়ি তোলাৰ, যুদ্ধবিধ্বস্ত দেশখন পুনৰ নিৰ্মাণ কৰাৰ আৰু দীৰ্ঘদিনৰ আন্তৰ্জাতিক একঘৰীয়া অৱস্থা শেষ কৰাৰ চেষ্টা কৰিছে।
চিৰিয়ান ৰাষ্ট্ৰপতি কাৰ্যালয়ৰ এক বিবৃতি অনুসৰি, ট্রাম্প আৰু এল-শাৰাৰ বৈঠকখন মূলতঃ যুক্তৰাষ্ট্ৰ আৰু চিৰিয়াৰ দ্বিপাক্ষিক সম্পৰ্ক মজবুত কৰাৰ ওপৰত কেন্দ্ৰিত আছিল। দুয়ো নেতা ৰাজনীতি, অৰ্থনীতি আৰু সুৰক্ষাৰ ক্ষেত্ৰত সহযোৰিতা বঢ়োৱাৰ উপায় আলোচনা কৰে আৰু আঞ্চলিক তথা আন্তৰ্জাতিক বহুতো গুৰুত্বপূর্ণ বিষয়ৰ ওপৰত মতবিনিময় কৰে। এই বৈঠকক যুদ্ধ আৰু পশ্চিমী দেশৰ সৈতে বিৰোধৰ বহু বছৰ পাছত চিৰিয়াক পুনৰ আন্তৰ্জাতিক মঞ্চত সংহত কৰাৰ এক গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে দেখা হৈছে।
বৈঠকৰ পাছত ৰাষ্ট্ৰপতি ট্রাম্পে এল-শাৰাৰ প্ৰশংসা কৰে আৰু তেওঁক “দৃঢ়চিত্ত ব্যক্তি” বুলি বৰ্ণনা কৰে। ট্রাম্পে কয়, “তেওঁ এটা কঠিন ঠাইৰ পৰা আহিছে আৰু তেওঁ নিজেও কঠিন। মই তেওঁৰ পছন্দ কৰো।” তেওঁ চিৰিয়াৰ পুনৰুত্থানৰ বাবে যুক্তৰাষ্ট্ৰৰ সহায়ৰ প্ৰতিশ্ৰুতি দিয়ে আৰু মধ্যপ্ৰাচ্যৰ বৰ্তমানৰ শান্তিপূৰ্ণ পৰিস্থিতিক “এতিয়া পৰ্যন্ত দেখা নোপোৱা এক সময়” বুলি বৰ্ণনা কৰে।
তথাপি, ট্রাম্পে এল-শাৰাৰ বিতৰ্কিত অতীতৰ কথাও উল্লেখ কৰে। এল-শাৰাৰ পূৰ্বৰ আল-কায়েদাৰ সম্পৰ্কই বিশ্বব্যাপী সন্দেহৰ সৃষ্টি কৰিছিল, যদিও ট্রাম্পে কয়, “আমাৰ সকলোৰে অতীত কঠিন আছিল,” বুলিও তেওঁ অতীতৰ পৰা আগলৈ আগবঢ়াৰ প্ৰয়োজনীয়তাক তাগিদ দিয়ে।
পাছত, ফক্স নিউজৰ সৈতে সাক্ষাৎকাৰত ৰাষ্ট্ৰপতি এল-শাৰায়ে কয় যে আল-কায়েদাৰ সৈতে তেওঁৰ সম্পৰ্ক ইতিমধ্যে ইতিহাসৰ অংশ, আৰু এই বিষয়টো ট্রাম্পৰ সৈতে বৈঠকত আলোচনা কৰা হোৱা নাছিল। তেওঁ বুলিছে, চিৰিয়া এতিয়া শান্তি আৰু পুনৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছে, আৰু পশ্চিমৰ বাবে হুমকি নহয়। বরং চিৰিয়া এতিয়া যুক্তৰাষ্ট্ৰৰ এটা ৰাজনৈতিক আৰু ভূ-ৰাজনৈতিক সহভাগী হিচাপে কাম কৰিব বিচাৰে।
এই বৈঠক যুক্তৰাষ্ট্ৰ-চিৰিয়া সম্পৰ্কৰ ক্ষেত্ৰত এক নাটকীয় পৰিৱর্তন সূচায়। বহু বছৰ ধৰি শীতল সম্পৰ্ক আৰু নিষেধাজ্ঞাৰ পাছত এই সংলাপটোৱে নতুন আশা আৰু বিতৰ্ক উভয়েই সৃষ্টি কৰিছে। ৱাশিংটনে হয়তো মধ্যপ্ৰাচ্যৰ নিজৰ মৈত্ৰীপূৰ্ণ সমীকৰণ নতুনকৈ সংজ্ঞায়িত কৰিবলৈ আগ্ৰহী, আৰু চিৰিয়াও আন্তৰ্জাতিক মঞ্চত নিজৰ বৈধতা পুনৰুদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছে। এই কূটনৈতিক পদক্ষেপে দুয়ো দেশৰ নীতিত এক ইতিহাসিক মোড় আনিছে, যদিও ইয়াৰ দীঘলীয়া ফলাফল সময়েই জনাব।