:
| Updated On: 25-Jul-2025 @ 4:28 pmঅসম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়লৈ এক দিৱসীয় ভ্ৰমণৰ সময়ছোৱাত শিক্ষাৰ উন্নয়ন, স্বাস্থ্য সেৱা আৰু দক্ষতা বিকাশক কেন্দ্ৰ কৰি ৫০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়ন পৰিয়ালনা শুভাৰম্ভ কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ বিশেষ অনুদান আৰু প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযান (PM-USHA)ৰ অধীনত ১৪৬.৪৩ কোটি টকাৰ আধুনিকীকৰণ প্ৰকল্পৰ শিলান্যাস কৰে, য'ত ছাত্ৰী হোষ্টেল, একাডেমিক ব্লক, আৰু গ্ৰন্থাগাৰৰ নিৰ্মাণ অন্তর্ভুক্ত।
অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত শিক্ষক-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে আবাসন সুবিধা উন্নত কৰাৰ উদ্দেশ্যে ৩৫৭ কোটি টকাৰ প্ৰকল্পৰ শুভাৰম্ভ কৰে। নাহাৰকটিয়াত ১৩০ কোটি টকাৰ বিভিন্ন প্ৰকল্প উদ্বোধন কৰে, যেনে নতুন বিদ্যালয় চৌহদ, ৰোড ওভাৰব্ৰিজ, হকি ষ্টেডিয়াম আদি। লগতে আই.টি.আই. টো দক্ষতা, নিযুক্তি আৰু উদ্যোগিতা বিভাগলৈ হস্তান্তৰ কৰে, যাৰ জৰিয়তে উদ্যমৰ সৈতে সংযুক্ত প্ৰশিক্ষণ প্ৰদান কৰা হ'ব।