জুবিন গৰ্গৰ দাহস্থানত কঠোৰ নিয়ম জাৰী গুৱাহাটী প্রশাসনৰ: মদ নিষিদ্ধ, দর্শন সময় পুৱা ৬ বজাৰ পৰা ৰাতি ১০ বজালৈ



logo : | Updated On: 24-Oct-2025 @ 3:28 pm
SHARE 

কমৰূপ মহানগৰীয় উপায়ুক্ত সুমিত সতাৱানে গুৱাহাটীস্থিত হাতীমুৰা, কামাৰকুচিত অৱস্থিত গায়ক জুবিন গৰ্গৰ দাহস্থানৰ পবিত্ৰতা সংৰক্ষণৰ বাবে এখন নিৰ্দেশনা জাৰী কৰিছে। নিৰ্দেশনা অনুসৰি, দাহস্থানখন প্ৰতিদিনে পুৱা ৬ বজাৰ পৰা ৰাতি ১০ বজালৈ দর্শনৰ বাবে খোলা থাকিব আৰু এই সময়সীমাৰ পিছত প্ৰৱেশ নিষিদ্ধ হ'ব। দাহস্থান আৰু তাৰ চাৰিওফালে মদ্যপান, পৰিবেশন বা বিতৰণ সম্পূৰ্ণৰূপে নিষিদ্ধ, লগতে মাদক বা মদ্যপ অৱস্থাত কোনোব্যক্তিৰ প্ৰৱেশও মানা। এই নিৰ্দেশনা তৎক্ষণাৎ প্ৰযোজ্য হ’ব আৰু কাৰ্যন্বয়ৰ দায়িত্ব আৰক্ষী আৰু জিলাৰ প্রশাসনিক কৰ্তৃপক্ষক অর্পণ কৰা হৈছে। এই পদক্ষেপে ঠাইখনৰ শ্ৰদ্ধা আৰু পবিত্ৰতা অক্ষুণ্ণ ৰাখি ভক্তসকলে সুশৃঙ্খলভাৱে শ্রদ্ধাঞ্জলি আগবঢ়াবলৈ সহায় কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।




Read more Translate in English


Comments


Contact Us

House. No. : 163, Second Floor Haridev Rd, near Puberun Path, Hatigaon,
Guwahati, Assam 781038.

E-mail : assaminkcontact@gmail.com

Contact : +91 8811887662

Enquiry




×

Reporter Login


×

Reporter Registration


To the top
© AssamInk, 2021 | Powered by Prism Infosys