:
| Updated On: 29-Oct-2025 @ 3:52 pmঅৰুণাচল প্ৰদেশৰ ৰাজপাল লেফটেনেণ্ট জেনেৰেল কে. টি. পাৰনাইক (অব.) আৰু মুখ্যমন্ত্রী পেমা খাণ্ডুৱে ৰাজভৱনত প্ৰযুক্তি-নিৰ্ভৰ শাসন, যুৱশক্তিৰ সশক্তিকৰণ আৰু খেল-কুদৰ প্ৰচাৰ-প্ৰসাৰৰ বিষয়ে আলোচনা কৰিছিল। মুখ্যমন্ত্ৰীয়ে নিজৰ জাপান সফৰৰ বিষয়ে ৰাজপালক অৱগত কৰি দিছিল আৰু দক্ষতা বিকাশ আৰু চাকৰি বিনিময় কাৰ্যসূচীৰ বাবে সম্ভাৱ্য সহযোগিতাৰ বিষয়ে আলোকপাত কৰিছিল। ৰাজপালে উন্নয়নমূলক প্রকল্পসমূহ স্বচ্ছভাৱে মনিটৰিং কৰিবলৈ ভূ-স্থানিক প্ৰযুক্তি আৰু নেছাক (NESAC)-ৰ সহায় লোৱাৰ প্ৰয়োজনীয়তা উল্লেখ কৰিছিল। তেওঁ অৰুণাচল অলিম্পিক সংঘক শক্তিশালী কৰা, স্পৰ্টছ মেডিছিন প্ৰৱৰ্তন কৰা আৰু স্থানীয় পৰ্যায়ৰ প্ৰতিযোগিতা আয়োজন কৰি প্ৰতিভা বিকাশৰ ওপৰতো জোৰ দিলে। দুয়ো নেতাই অৰুণাচল প্ৰদেশত অন্তর্ভুক্তিমূলক, প্ৰযুক্তি-সক্ষম আৰু দীৰ্ঘস্থায়ী উন্নয়ন নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰিছিল।