:
| Updated On: 01-Nov-2025 @ 12:42 pmঅৰুণাচল প্ৰদেশ শিশু অধিকাৰ সুৰক্ষা আয়োগে পূব শিয়াং জিলাৰ মেব’স্থিত ছাংগো আবাসিক বিদ্যালয়ৰ অপ্রাপ্তবয়স্ক যৌন নিৰ্যাতিতাৰ পৰিচয় প্ৰকাশ কৰা মাধ্যম আৰু ব্যক্তিসকলৰ বিৰুদ্ধে ফৌজদাৰী ব্যৱস্থা গ্ৰহণৰ আদেশ দিছে। আয়োগে এই কাৰ্য্যক পকসো আইন, কিশোৰ ন্যায় আইন আৰু ভাৰতীয় ন্যায় সংহিতাৰ লংঘন বুলি উল্লেখ কৰিছে। আৰক্ষীক এফ’আইআৰ নথিভুক্ত কৰি ২৪ ঘণ্টাৰ ভিতৰত সম্পৰ্কিত সামগ্ৰী আঁতৰাবলৈ আৰু প্ৰকাশকসকলক যৌথভাৱে দায়ী ধাৰ্য কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। সামাজিক মাধ্যমসমূহে সংশ্লিষ্ট সামগ্ৰী ব্লক কৰিব লাগিব। আয়োগে কাকতীয়াৰ মনোবিদ্যা সহায়, মাধ্যমৰ হয়ৰানি ৰোধ আৰু সজাগতা কাৰ্যশালা আয়োজনৰ নিৰ্দেশ দি, অনুপালন নকৰা ক্ষেত্ৰত কঠোৰ শাস্তিমূলক ব্যৱস্থাৰ সতর্কবাণী দিছে।