প্ৰথমবাৰৰ বাবে ইথিঅ'পিয়াত মৰবৰ্গ ভাইৰাছ চিনাক্ত



logo : | Updated On: 15-Nov-2025 @ 12:36 pm
SHARE 

ইথিঅ'পিয়াই দক্ষিণৰ অ’ম’ অঞ্চলত ওলোৱা নবটা কেছৰ পাছত প্ৰথমবাৰৰ দৰে মৰবৰ্গ ভাইৰাছৰ প্ৰাদুৰ্ভাৱ নিশ্চিত কৰিছে। WHOৰ মুখ্য টেড্ৰ’স আদহানমে ইথিঅ'পিয়াৰ দ্ৰুত আৰু স্বচ্ছ প্ৰতিক্ৰিয়াক প্ৰশংসা কৰিছে। সন্দেহজনক ভাইৰেল হেম’ৰেহিক জ্বৰ কেছৰ তদন্তৰ পাছতেই এই নিশ্চিতকৰণ আহিছে। ইব’লাৰ দৰে অত্যন্ত গুরুতৰ ফিল’ভাইৰাছ মৰবৰ্গ সংক্রমিত ব্যক্তিৰ শৰীৰৰ তৰল পদাৰ্থৰ সৈতে সঁপৰ্ষে ছলাই আৰু ইয়াৰ কোনো বিশেষ চিকিত্সা বা ভেকচিন নাই। জ্বৰ, ছালত ফোঁস ফোঁস উঠা আৰু তীব্ৰ ৰক্তক্ষৰণ এই ৰোগৰ লক্ষণ। স্বাস্থ্য বিভাগে ৰোগীক পৃথকীকৰণ, স্ক্ৰিনিং আৰু কণ্টেক্ট ট্ৰেচিং চলাইছে, লগতে WHO আৰু আফ্ৰিকা CDCয়ে দক্ষিণ চুডানৰ নিকটতাৰ বাবে সীমান্ত পাৰ হোৱাৰ আশঙ্কাও লক্ষ্য ৰাখিছে। লোকসকলক আতংকিত নহ'বলৈ, স্বাস্থ্য বিভাগৰ নির্দেশনা অনুসৰণ কৰিবলৈ আৰু লক্ষণ দেখা দিলে চিকিৎসা ল’বলৈ আহ্বান জনোৱা হৈছে।




Read more Translate in English


Comments


Contact Us

House. No. : 163, Second Floor Haridev Rd, near Puberun Path, Hatigaon,
Guwahati, Assam 781038.

E-mail : assaminkcontact@gmail.com

Contact : +91 8811887662

Enquiry




×

Reporter Login


×

Reporter Registration


To the top
© AssamInk, 2021 | Powered by Prism Infosys