:
| Updated On: 19-Nov-2025 @ 12:26 pmসাবেক বাংলাদেশ প্ৰধানমন্ত্ৰী শেখ হাছিনাক মৃত্যুদণ্ড দিয়াৰ পিছত, দেশছাড়া আওামী লীগের নেতাসকলে কৈছে যে ৰাজনৈতিক অন্তর্ভুক্তি নিশ্চিত হ’লেহে তেওঁলোক ঘূৰি যাব পাৰে আৰু হাছিনাক আশ্ৰয়, সন্মান আৰু সুৰক্ষা প্ৰদান কৰি থকাত ভাৰতৰ ধাৰাবাহিক সহায়ৰ আশা কৰি আছে। গোপন স্থানৰ পৰা কথা পাতি, বহু নেতাই মুহাম্মদ ইউনুছৰ নেতৃত্বাধীন অন্তৰ্কালীন চৰকাৰক দলটোক নিষিদ্ধ কৰা, ভুৱা মাকদ্দমা দিয়াৰ লগতে গ্ৰেপ্তাৰ অভিযান চলাই লক্ষ্যবস্তু কৰাৰ অভিযোগ তোলে। তেওঁলোকে কয় যে এই ৰায় আওামী লীগক বিলুপ্ত কৰাৰ চেষ্টা। নাহিম ৰাজ্জাক, জাহেংগীৰ কবিৰ নানক আৰু পংকজ নাথে দাবী কৰে যে বাংলাদেশত অতি শীঘ্ৰেই অভ্যুত্থান হব আৰু অস্থিতিশীলতা ৰোধ কৰি তেওঁলোকৰ ৰাজনৈতিক লড়াইত ভাৰতে সহায় কৰিব লাগিব।