:
| Updated On: 12-Jun-2025 @ 1:21 pmUNHCR-ৰ নতুন এখন প্ৰতিবেদন অনুসৰি, পৃথিৱীজুৰি কমেও ১২৩.২ নিযুত লোক—অথাৎ প্ৰতিটো ৬৭ জন ব্যক্তিৰ ভিতৰত ১ গৰাকী—জোৰপূৰ্বক স্থানচ্যুত হৈ আছে। ২০২৩ চনৰ তুলনাত এই সংখ্যা ৬% বৃদ্ধি পাইছে, যি গতা ১৩ বছৰ ধৰি অব্যাহত থকা ঊর্ধ্বমুখী প্ৰৱণতাৰ অংশ। মুঠ সংখ্যাৰ ভিতৰত ৭৩.৫ নিযুত লোক সংঘাত বা সংকটৰ বাবে নিজৰ দেশতেই ভিতৰুৱাভাৱে স্থানচ্যুত হৈছে, যাৰ ভিতৰত গাজাতহে ২০ লাখতকৈ অধিক লোক স্থানচ্যুত হৈছে। উদ্বাস্তুৰ সংখ্যা অলপ হ্ৰাস পাই ৪২.৭ নিযুতলৈ গৈছে—ইয়াৰ ভিতৰত ৩১ নিযুত UNHCR-ৰ অধীনত আৰু ৫.৯ নিযুত ফিলিস্তিনীয় উদ্বাস্তু। আফগান, ছিৰিয়ান আৰু ইউক্ৰেইনীয় উদ্বাস্তুৰ অনুমান কমি আহিছে, যদিও চুদানৰ উদ্বাস্তুৰ সংখ্যা ৬ লাখ বৃদ্ধি পায় ২.১ নিযুতলৈ। আশ্ৰয় বিচৰা লোকৰ সংখ্যা ৮.৪ নিযুতলৈ বৃদ্ধি পাইছে, যি আগৰ বছৰৰ পৰা ২২% অধিক।